top of page
  • Facebook
  • Twitter

আভোক

  • Writer: Mast Culture
    Mast Culture
  • Oct 10, 2025
  • 13 min read

By Arunav Hazarika


    “...... এওঁৰ বন্ধুসকল আহিল খবৰ নিদিয়াকৈ ; খাই হেনো‌ গাজৰৰ হালুৱা । সুখৰ কথা যে হকিন্স কন্টিউৰা আছে ; ইয়াত আহাৰ লৰাবলৈ ইমান সহজ , হালুৱা হ'ল তৈয়াৰ মাত্ৰ আধা ঘন্টাতে । বাঃ বৌ....” - বিখ্যাত বিজ্ঞাপনটো আধাতে এৰি তাই টিভিৰ সন্মুখৰ পৰা উঠি ঘৰলৈ লৰ মাৰিলে । দেওবাৰে ভাত - পানী খাই উঠি বা কেতিয়াবা নোহোৱাকৈয়েই ‘ডেকেনী খুৰী’ৰ ঘৰত টিভি চাবলৈ যোৱাটো গাঁওখনৰ ল'ৰা ছোৱালীবোৰৰ তাহানিৰে পৰম্পৰা । চোটা ভীম , শ্বৰ্ট ফিল্ম , মহাভাৰত , বাতৰি , “হাই ৰামধেনু ফ’জ্জি” একো বাদ নপৰে । কাৰেন্ট যোৱা সময়খিনিত গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘটি থকা প্ৰতিটো ঘটনায়ো তাত ঠাই পায় । অনেক প্ৰেম আখ্যানেও ‘ডেকেনী খুৰী’ৰ বেঙুনীয়া পৰ্দা থকা টিভি ৰুমৰ দেওবৰীয়া মেলতে পোখা মেলিছে । সেয়ে এই টিভি মেলৰ আমেজেই‌ সুকীয়া ।খুৰী অকলশৰীয়া । আগলৈ নাই পাছলৈ নাই বুলিবলৈ খুৰাই থৈ যোৱা সেই টিভিটো । ল'ৰা ছোৱালী নোহোৱা মানুহৰ ঘৰ । আলহীও আহে ক’ৰ পৰা ! সেয়ে গাঁওৰ ল'ৰা ছোৱালী , ডেকা - ডেকেৰীৰে ঘৰখন গিজগিজাই থাকিলে খুৰীয়ে ভালহে পায় ।

                    তাই ওলাই গৈ জপনামুখ‌ পাইগৈ মানে ৰ’ব নোৱাৰা হ'ল । নঙলাডাল খুলি উস্ আস্ কৰি ঘৰলৈ প্ৰাণটাকি দৌৰিবলৈ ধৰিলে । বাঁহকেইজোপাৰে ভৰা কেঁকুৰিটোত তাই অলপপৰ থমকি ৰ’ল । কিন্তু নাই ; যিমানেই তাই ৰ’বলৈ যত্ন কৰিছে ,  তাইৰ অস্বস্তি আৰু যন্ত্ৰণাও সিমানেই বাঢ়ি গ'ল । নহ'ব , তাই যেনে তেনে ঘৰ পাবই লাগিব । পুনৰ “আঃ” বুলি চিঞৰি এহাতেৰে ফ্ৰিলচিঙা মলিয়ন হালধীয়া ফ্ৰকটো ধৰি তাই দাঁতদুপাৰি পাৰেমানে চেপি লৈ দৌৰিবলৈ ধৰিলে । বাট চমুৱাবলৈ বুঢ়া ডাঙৰীয়া থানৰ কাষৰ লুঙলঙীয়া বাটটোৰে সোমাই পথাৰৰ মাজেদি তাই আগবাঢ়িল ।

        ‌           সিহঁত এঘৰীয়া কৰা মানুহ । বৰ গোঁসাই ঘৰৰ মানুহ আছিল হেনো ! কিন্তু নাই , বংশটো শেষ কৰিলে । এটাও কম নাছিল । কি ভৱেশ , কি জেতুকী ! ভাল গোঁসাই লম্ভিছিল ভৰ বয়সত । কি হাটৰ বাট , কি নদীৰ ঘাট ! শেহত ৰাইজে সিহঁতৰ প্ৰেমৰ কথা বগাই সাতোলাক লগোৱাত ভৱেশৰ বাপেকে পাছদিনাই ৰাইজৰ আগত গুৱা এথোক পাৰি পানী গামোছাৰেই জেতুকীক ভৱেশলৈ অনালে । আদবয়সত ভৱেশ আৰু জেতুকী এহাল নতুন দম্পতী হ'ল । তাৰ পিছত আৰু কি - বাপেকৰ বেমাৰ হ'ল , মথাউৰি চিঙিল , বাপেক হেৰাল আৰু সিঁহত দুয়ো ইয়ালৈ উঠি আহিল । ল'ৰা ছোৱালীও হেনো ইয়াতেই জন্ম দিয়া । ৰাতি ৰাতি প্ৰায়েই ভীষণ কাজিয়া কৰাৰ দোষত ৰাইজে সিহঁতক এঘৰীয়া কৰি থ’লে । এদিন পিছে দুয়োটাৰে ৰাতি তৰ্কাতৰ্কি লাগি ডাঙৰ খৰিয়াল হ'ল আৰু পুৱালৈ দুয়োটাকে নৈৰ পাৰত খৰি দিব লগা হ'ল । বংশ বুলিবলৈ এতিয়া এই ল'ৰা ছোৱালীহালেই আৰু , সিহঁতৰনো কি দোষ ! সেয়ে এতিয়া ৰাইজেৰে মিলা মিচা কৰাত আপত্তি নাই ।

                - “এনেনো কি দন কৰিব লগা হৈছিল মাক বাপেকহালে !”

                - “ ইয়ে আই , থ’ হেৰৌ । আমাৰনো লোকৰ মতা মাইকীৰ মাজত সোমাবলৈ কি ! মৰা মানুহ মৰিলে , তাকে আৰু এতিয়া পাগুলিয়াই থাকিব লাগেনে । যোৱা মানুহ যাবই । ”

               - “ তাকেই । আমাৰো এখেতেহে কোৱা কথা এইবোৰ । আমিনো ক’ৰ পৰা জানিম ! ”

              - “ ইইই... আমি এইবোৰ নেজানোও , নুশুনোও পাই  । ”

              পাচলি কাটি থকা মাইকী মানুহকেইজনীৰ মাজত কথা কেইটাই বৰ ৰস দিলে । কথা চোবাবলৈ পাই য’ৰে বঠি কটাৰী ত’তে এৰি “ তাৰপিছত তাৰপিছত ” কৰি মুখ মেলোতে মেলোতে কোৱাৰি শুকাই যোৱা মানুহকেইজনীয়ে আকৌ কামত ধৰিলে ।

              - “ আলু হ'ব দে সেইকেইটাই । কেইটানো মানুহ ! আমি কেইজনীহে আৰু ...। ”

             ভাত , দাইল আৰু আলু , ৰঙালাউ , বন্ধাকবিৰে এখন চব্জি । পাঁচজনীমান মাইকী মানুহ আৰু সৰু ল'ৰা ছোৱালী দুটামান হ'ব ; অ’ আৰু সি আৰু তাই আছে । এইকেইটাই মানুহ । গাঁওৰ ৰাইজ অহাৰটো কথাই নাই । অঙহী বঙহীৰো একো চিন মোকাম নাই । তাতে এই চাৰিদিনে সি আৰু তাই একেলগে থকাৰ খবৰ গোটেই গাঁওখনেই পাইছে  ; ক'ত আৰু কোন আহিব ! হোৱাত সিহঁতৰ ঘৰটোও গাঁওৰ একেবাৰে মূৰত - পাহাৰৰ দাঁতিত । ওচৰে পাজৰে মানুহো মুঠেই চাৰিঘৰমান । নিয়মটো কৰিবলৈ ওচৰৰে তিৰোতাকেইজনীমানক সি কালি পুৱাতে কৈ থৈ অহাৰ বাবেহে দুপৰীয়ালৈ ধুৱাই থৈ গ'ল । আজি লগে ভাগে দিনতে এসাঁজ নামটো কৰি খাব আৰু । সি হঠাতে যি য'ত যেনেকৈ পাৰে যোগাৰ কৰি দিছে ।

               - “ ঐ ল'ৰা শুনচোন । হুঁ লাউটো ফালি দে । ” মানুহজনীৰ মাতত সি ৰৈ গ'ল । তাক বিৰিণাহঁতৰ ঘৰৰ পৰা তাই এপেকেট ৰঙা ফোঁট আনিবলৈ পঠিয়াইছিল । 

                - “ ৰ’ব , আহিছোঁ । ” বুলি কৈ সি তাইক ফোঁট পেকেট ভিতৰত দি থৈ আহিল ।

               - “ৰ’চোন । তই বোলে এই চাৰিদিনে তাইৰে একেলগে থাকিলি ? ” মানুহজনীয়ে তাৰ কাষতে বহি লৈ সুধিব ধৰিলে ।

               পখৰা লাউটোৰ সিৰ এডালত সোঁহাতেৰে কটাৰীখন‌ থৈ বাঁওহাতেৰে হেঁচি দি সি ক’বলৈ ধৰিলে  , “ অঁ । কোনে বা ক'লে ! ” কথাটো কৈ শেষ হয় মানে তাৰ ওঁঠেদি হাঁহি এটা সৰকি পৰিল । একেসময়তে লাউটোও দুফাল হ'ল । 

               - “ নাই দে , সুধিছোহে । ”

               - “ আপুনিয়েই কওকচোন খুৰী , এই মৰজাৰত তাইক মই কেনেকৈ মাটিত শুবলৈ দিম ! ”

              - “ ইহ ... । তই ক’লেই হ'ব নেকি ? নীতি নিয়মৰ কথা আছে । ৰাইজে গম পালে পৰাচিত কৰিব লাগিব ৰহ্ । ” এগৰাকীয়ে জেকেৰা মাৰি উঠিল ।

             - “ ইইই.... ৰাইজে গম পোৱাগৈ নাই হে হ’বলা ! আজিকালি ল'ৰা ছোৱালী গুৰু গোঁসাই নেমানেই পাই । আমি হ’বলা জাৰৰ দিনত হৈ পোৱাহে নাই ।” আন এগৰাকীয়েও যোগ দিলেহি ।

             - “ কিন্তু তাই যে সৰু হৈয়েই আছে ! ” উৎকন্ঠিত হৈ সি কৈ উঠিল ।

            - “ হৈছে আৰু । থ’ থ’ । চৌধ বছৰ বয়সত সৰু হৈ থাকে ! হেৰৌ তাইৰ বয়সত আমি দুটাকৈ ল-ছালি চম্ভালিছিলো ।” 

            - “ এ একো নাই দিয়ক । ” নিজৰাৰ পানী খাই গেদ পৰা দাঁতকেইটা নিকটাই সি ক'লে ।

           - “ নহয় বোপাই , কথা আছে । তই আৰু তাইৰ সৈতে নেথাকিবি । একেলগে নুশুবি । ” 

           - “ হাৰে , তেনেহ’লে মই ক'ত যাম ? নে তাইকে খেদি দিম ?  তাতে ঘৰত এখনেই খাট ; তাৰো এটা খুৰা ভগা , পুৰণি উড়ল এটাতে গড় এটা দি উঠাই থৈছোঁ । আৰু তাইতো মোৰ নিজৰ ভনী ।”

           - “ এইবোৰ মাইকী মানুহৰ কথা । তই বুজি নেপাবি । মুঠতে তোৰ ভনীয়েৰ ডাঙৰ হ'ল এতিয়া । আগৰ দৰে আৰু তাইৰে মিলামিছা নকৰিবি , নেপায় । 

                 হ'ব যা । আমাৰ ঘৰৰ পৰা হেতা এখন লৈ আহগে’ । ”

                 কথা আগ নবঢ়াই মুখৰ ভিতৰতে ভোৰভোৰাই সি পাছ চোতালৰ পৰা ওলাই গ'ল ।

                “ খুৰায়েৰক সুধিহে আনিবি । ” 

            আটাইকেইগৰাকীয়ে সি যোৱালৈ এপৰ নিজ নিজ দৃষ্টি আৰু দৃষ্টিভংগীৰে চাই ৰ’ল । 

                  কোনোবাগৰাকীৰ মুখেৰে নুফুটাকৈয়েই ওলাই গ'ল , “ মাক বাপেক নোহোৱা ল-ছালি । নেজানোঁ আৰু কি একেলগে থাকি খাই শুই থাকে ! ”

                   “ মোৰতো দুয়োটাকে ককায়েক ভনীয়েক হেন নেলাগেই । নে মুখৰে ক'ৰবাত মিল আছে নে কথাৰে । ” যোগ দিবলৈ কোনোবাই ক'লে ।

                    আন এগৰাকীয়েও টপৰাই মুখতে মাত দিলেই , “ হয় পাই , তাই কেনে ধকধককে বগা আৰু সি কেনে কিচকিচকে ক’লা ! এইবোৰ অজাতি উঠি অহা মানুহ । ক’ৰ মানুহ , কি কথা এইবোৰ জানি লৈহে বহুৱাব লাগে । ৰাইজে ভুল কৰিছে কিন্তু । ”

                    - “ এহ্ সিহঁত ল-ছালি দুটাইনো কি জানিব ? মাক বাপেকহাল থকা হ'লেও বেলেগ কথা । ” 

                    - “ থওক হে । এইবোৰক দয়া মৰম কৰি একো লাভ নাই । মূৰকত আমিয়েই দায়ী হ’মগে’ । ৰাইজখনেও কাম কৰিব পাৰে দেখি তাক প্ৰতিটো কামতে মাতি নিয়ে বুলিয়েই তাৰ ইমান তাও নে ! আমিকেইজনী নহা হ'লে কোনে তাৰ ভনীয়েকক উধাৰ কৰিলে হয় ? কোন গিয়াতিয়ে মানুহ পঠিয়ালে হয় ? আমিয়েই তাক উধাৰিলো , আকৌ আমাৰ মুখতে কি বৰ বৰ কথা । ” 

                       - “ হয় পাই । আমি বুলিহে আহিছোঁ । অইন হোৱা হ'লে এই চোতালত ভৰিয়েই থয় নে ! ”

                     “ অ’ খুৰীমা আহিছে । ” তাইৰ মাতত আটাইকেইগৰাকীয়ে থতমত খালে । হাতে হাতে বঠি কটাৰী লৈ বাটলৈ চাই পেকপেকাই থকা অৱস্থাত আটাইকেইগৰাকীক একো একোগৰাকী আদৰ্শ ‘দন কৰা তিৰি’ হেন লাগিছিল । সকলোৱে তাইলৈ চালে ।

                      সুলভ মূল্যৰ দোকানতকৈও অধিক সুলভ মূল্যত মন্তব্য প্ৰদান কৰা মুখবোৰৰ পৰা আকৌ জাউৰিয়ে জাউৰিয়ে মন্তব্য আহিল ।‌ 

                      - “ ইয়ে আই । সেইখন কি পিন্ধিছ’ হেৰৌ লেজৌ পেজৌকে । কাইলৈ পৰহিলৈ এঘৰলৈ দিবৰ হ'ল , তাই মেখেলা চাদৰ এযোৰ পিন্ধিব নেজানে ।”

                   - “ আমি হ'লে কিমান সৰুৰে পৰাই পিন্ধিছো পাই । ”

                   - “ এইযোৰ আমাৰ বিৰিণাৰ কাপোৰযোৰ নহয়নে ? ” 

                   - “ হয় খুৰীমা । মানে তাইহে আনি .....” তাই কথাষাৰ শেষ কৰিবলৈ নাপালেই ।

                  - “ ৰহ ; তাইক আজি শুদাই নেৰোঁ । বাপেকৰ টকাৰ গছ আছে হাঁ ! কিহে পাইছে ? ”

                  - “ উফ , মা যে বেছি আৰু ! তাই আজিহে পিন্ধিব অলপ সময় । কিয় বেয়া হ'ব ? তাতে তাইৰ এনেও মেখেলা চাদৰ নাই । আজি বিয়াৰ দিনটোত ফ্ৰক পিন্ধি থাকিব নি ? ” বিৰিণাই মাকক ক'লে ।

                  - “ হ'ব । বৰ দানী ওলাব নেলাগে । তাইৰ ককায়েকে কাম কৰে ; ৰাইজৰ কিবা এখন হ'লেই ৰভা - পৰলা দিয়া , পাত - পতুৱা গোটোৱা , জেওৰা দিয়া চব কৰে । সিহঁতৰ টকা পইছাৰ আকাল নাই নহয় , থাকেহে এনেকৈ । তোৰ বাপেৰে কি কৰে হাঁ ? ” বিৰিণাৰ মাকে জেকজেকাই উঠিল ।

  ‌                   - “ এ হ'ব দিয়ক । আহক হে । সৰু ল'ৰা ছোৱালী নেজানে দিয়ক ....” বুলি বিৰিণাৰ মাকক দুগৰাকীমানে একপ্ৰকাৰ টানিয়েই লৈ গ'ল ।

                    - “ হুঁ ফোঁটটো লগাই ল’ । ” বুলি বিৰিণাই তাইৰ কুমজেলেকুৱা বৰণীয়া কপালত ৰঙা ফোঁট এটা লগাই দিলে ।

                   তাইৰ নিখুঁত নিপোটল তথা সৰল চাৱনিৰে ভৰা মুখখনলৈ চাই আত্মতৃপ্তিৰে বিৰিণাই কৈ উঠিল ,“ এতিয়াহে কইনা কইনা লাগিছে । ”

                   তাই পিছে কোনো আগ্ৰহ‌ প্ৰকাশ নকৰি বিৰিণাক ক'বলৈ ধৰিলে  , “ বিৰিণা , কাপোৰযোৰ খোলোঁ দে । তহঁতৰ মায়ে বেয়া পাইছে । ”

                  -  “ ধেই নাই নাই । মা তেনেকুৱাই । তইহে বেয়া নেপাবি । ”

                  - “ ইইইহ মই আকৌ কিয় বেয়া পাম ? ভাইটি নাহে ? ” 

                  - “ নাহে । তাৰ বোলে দাঢ়ি‌ নগজিব ! ”

                    দুয়োজনীয়ে খিলখিলাই হাঁহি হাঁহি হাতত তামোলৰ বঁটাটো লৈ কাঠিত বহি পৰিল । 

                   “ ..... মিডিয়াম ৱেভৰ চাৰিশ এঘাৰ দশমিক পাঁচ মিটাৰত , সাতশ ঊনত্ৰিশ কিলোহাৰ্টজ আৰু এফ এম ব্ৰেণ্ডৰ এশ এক দশমিক এক মিটাৰত এয়া ...”- ঘৰটোৰ প্ৰাণ । ঘৰ বুলিবলৈ বাকচ এটা আৰু ! দুজন মানুহ আঁটে । আন‌ বস্তুৰ বাবে ঠাই নহ'লেও ৰেডিঅ'টোৰ বাবে কোনোদিনে ঠাইৰ আকাল নহয় । তাইৰ মাত নুফুটাৰে পৰা আৰু সি চাৰিওফালৰ ভাল বেয়া বাচ - বিচাৰ কৰিবলৈ শিকি তাইক ডাঙৰ কৰাৰ পৰাই ৰেডিঅ'টোৱে সিহঁতক সংগ দিছে ।কত জয়াল নিশাত সিহঁতক সাহস দিছে , কত ৰাতি তাই ‘ছায়াগীত’ শুনিয়েই ককায়েকৰ কোলাত টোপনি গৈছে , ক'ত  উৰুকাৰ নিশা তাকৰীয়া‌ যোগাৰতে সিহঁতক উছাহ দিছে - পাৰভঙা উছাহ । ‌    “ কুকুৰ - কুকুৰনী” বুলি গালি পাৰি কাজিয়া লাগি ‘নামাতা - নামাতি ’ হৈও অলপ পাছতে ‘ হিয়াৰ মৰম মুকুতা হৈ ’ গীতটি শুনি কতবাৰ হাঁহি হাঁহি বুঢ়া আঙুলিৰে ‘মাতা - মাতি ’ দিছে । 

                       কিন্তু তাইৰ মনত নাই মাক দেউতাকৰ মুখকেইখনহে । তাই জানিব বুজিব পৰা হোৱাৰ আগতেই সেই খৰিয়ালখন লাগিছিল । সি পিছে ভালকৈয়ে পাইছিল মাকহঁতক । মাকহঁতৰ ৰাতিৰ কাজিয়া পেচালবোৰ তাৰ চকুৰ আগত ভাঁহি আছে । কিন্তু তেতিয়া সি সেইবোৰ একো বুজা নাছিল - নিৰলসভাৱে মাথোঁ চাই গৈছিল । নাই , এতিয়ালৈকে বুজি নুঠিল । আগতে সিহঁতৰ ঘৰৰ ওচৰত এঘৰেই মানুহ আছিল। কেতিয়াবা সিহঁতো আহিছিল কাজিয়া ভাঙিবলৈ বা চাবলৈ । এতিয়া নাথাকে ।

                   সি তাইক ডেৰবছৰৰ পৰাই ডাঙৰ কৰিছে - অকণো খুঁত নৰখাকৈ । তাই ডাঙৰ নোহোৱালৈকে সি কাম কৰিবলৈ যাওঁতে তাইকো লৈ গৈছিল । এতিয়া সি অকলে যায় , তাইয়ো সৰু  দোকান এখন দিয়ে - ঘৰৰ পৰা প্ৰায় চাৰে তিনি কিলোমিটাৰ দূৰৈৰ জাহাজঘাটত । বাৰিষাৰ  দিনত বন্ধ । পুৱাৰ পৰা সন্ধ্যালৈ জাহাজঘাট খদমদম লাগি থাকে - ইখনৰ পাছত আনখন জাহাজ। তাই যি মন যায় , তাকে বিক্ৰী কৰে । কেতিয়াবা কলহ মুখত দিয়া পিঠা , কেতিয়াবা কেৱল তামোল , কেতিয়াবা পাহাৰৰ পৰা অনা খৰি - মুঠতে সকলো আৰু । এবাৰ পৰি থকা বোকা লগা গল্ডফ্লেকৰ পেকেট এটা পাই ভালকৈ পানীৰে ধুই লৈ তাই দিনটো বহি থাকিল - কিন্তু নাই , এটাও বিক্ৰী নহ'ল । লাভৰ মূৰত ককায়েকৰ পৰা ভালকৈ এসাঁজ গালি শপনি শুনিব লগা হ'ল । তাইৰ  উদ্দেশ্য এটাই - মাহটোত ৰেডিঅ'ৰ বেটাৰী কিনাৰ জোখাৰে পইচা গোট খালেই হ'ল । ৰেডিঅ'টো পুৱা ‘ বন্দে মাতৰম ’ৰ পৰাই তাইৰ লগত থাকে । প্ৰায়েই বেটাৰী এমাহ নহওঁতেই শেষ হয় । তেতিয়া কামুৰি কামুৰি হ'লেও বেটাৰী ভাল কৰাৰ যুদ্ধত দুই ককায়েক ভনীয়েক লিপ্ত হয় । ভাল কৰিব পাৰিলে ভাল , নহ'লে দুৰ্বাদল কাজিয়া হয় । ইটোৱে কয় - তইহে বেছিকৈ শুন’ , সিটোৱে কয় - তইহে শুন’ । বচ - তাৰ পিছত দুয়োটা ভাগৰি পৰে আৰু উড়লটোত গড় এটা দি উঠাই থোৱা খুৰা ভগা খাটখনত শুই পৰে আপোনমনে - মুখত দুটা নিৰ্মল হাঁহি আৰু হৃদয়ত দুটা নিৰ্মল মন লৈ ।

                  - "আহক "

 উত্তৰটো দিবলৈ তাই সময়েই নল'লে । তাই বস্তু বাহানি সামৰি লয় মানে নীলা চোলাৰ মানুহজনে আপোনমনে জেপৰ পৰা চিগাৰেট এটা উলিয়াই ধোঁৱা উৰুৱাবলৈ ধৰিলে । কুণ্ডলীবোৰ গৈ এইমাত্ৰ এৰা শেষৰ জাহাজখনৰ ধোঁৱাবোৰৰ সৈতে  একাকাৰ হোৱাৰ অন্তৰংগ দৃশ্য উপভোগ কৰি তেওঁ নৈত বুৰ যোৱা বেলিটোক বিদায় দিবলৈ ধৰিছে । বেঙেনা ভজাৰ ৰঙেৰে একাকাৰ হোৱা আকাশ আৰু নদীখনলৈ পিঠি দি নীলা চোলা আৰু সেউজীয়া ফ্ৰকৰ দুটি মানৱ ছায়া ঘৰলৈ আগবাঢ়িল । এতিয়া নীলা আৰু সেউজীয়াৰ মাজত এবেগ 'যুৱবাণী' আৰু এটা বাঁহৰ চুঙা ; সমুখত সৰা চেগুনৰ পাতেৰে ভৰা এটা অষ্টমীৰ জোনৰ বাট । কত দুঃসাহস কৰিও তাই নীলা চোলাৰ গৰাকীৰ মুখখন চোৱাত অসমৰ্থ হ'ল ; ক'লা টুপীটোৰ তলেৰে নতুনকৈ থুতিওৱা দাঢ়ি আৰু শেষ হ'বলৈ ধৰা চিগাৰেটটোৰ অঙঠাৰ বাহিৰে তাই আৰু একো নেদেখিলে । এটা সময়ত শেষ হোৱা চিগাৰেটটোৰ অৱশিষ্টখিনি পেলাই দি নীলা চোলাৰ গৰাকীয়ে বুটজোতাযোৰেৰে মোহাৰি পেলালে । সৰা পাতবোৰ নীৰৱতা ভাঙি মৰমৰাই উঠিল ।এটি পুৰুষ দেহৰ সুবাস লৈ তাই তলমূৰ কৰি আত্মতৃপ্তিৰে বাট বুলিবলৈ ধৰিলে ।

 জিলিবোৰৰ মাত ক্ৰমাৎ বাঢ়ি আহিছিল ।

           “ ৰাতিলৈ বৰষুণ দিব চাগে ! ”

            - “ তাই মোক বাটত ক'লে সকলো । মই আজি ৰাতিটো থাকিব বিচাৰিছোঁ । ইয়ালৈয়েই কামত আহিছোঁ । কাইলৈ দিনতে পাহাৰৰ ওচৰতে চালি এখন বান্ধি ল’ম । একো অসুবিধা নহয়তো ? ” তাই যতনাই দিয়া চাহবাতি হাতত লৈ নীলা চোলাৰ মানুহজনে ককায়েকক ক’লে ।

          - “ হেঃ নাই নাই । একো অসুবিধা নহয় । খালী অলপ খোৱা বোৱাত অসুবিধা পাব চাগে ! ” ককায়েকে ক'লে।

         - “ নাই নাই চলি যায় ।” চাহত প্ৰথম চুমুকটি দি তেওঁ কৈ উঠিল , “ আঃ চাহ মজা হৈছে ।”

           তাই মিচিকিয়াই এবাৰ হাঁহিলে মাত্ৰ , শব্দ কৰিব খুজিও শব্দ কৰিব নোৱাৰিলে । বাহিৰত বতাহ বলা আৰম্ভ হৈছে । পাহাৰৰ দাঁতিৰ এই জুপুৰিটোত সন্ধিয়াটো আজি ভালকৈয়েই ৰসাল হৈ পৰিছে । এপলকত লেমৰ পোহৰটো বঢ়াই দিয়াৰ চলেৰে তাই নীলা চোলাৰ গৰাকীলৈ অত্যন্ত সাহসেৰে এবাৰ চালে । ই কি !! কি সুদৰ্শন ! কি লোমহৰ্ষক সৌন্দৰ্য ! এটি নিপোটল সুঠাম দেহ , হয় হয় , কলছীয়া  লেমটোৰ পোহৰতো জিলিকি উঠিছে শৰীৰ । টুপীটো খোলাৰ পিছত চুলিবোৰ আউল বাউল হৈ পৰিছে ; মাখনৰঙী  মুখখনত নতুনকৈ থুতিওৱা দাঢ়িবোৰৰ আগেৰে নিগৰা ঘামৰ টোপালবোৰ লেমৰ পোহৰত জিলিকি উঠিছে - মাথোঁ ,  মাথোঁ মন্ত্ৰমুগ্ধ হৈ চাই ৰ’বৰ মন গ'ল তাইৰ ।

                 “ লোৱা ” - তেওঁ কেতিয়া আহি খালী চাহৰ বাতিটো লৈ তাইৰ ওচৰ চাপিলহি , তাই গমকে নেপালে ।

                  বাঁওহাতেৰে ডিঙিটো মোহাৰি আনখন হাতেৰে চুলিখিনিৰ মাজেৰে আঙুলি বুলাই নীলা চোলাৰ গৰাকীয়ে মূহুৰ্ততে তাইৰো ঈৰ্ষণীয় সৌন্দৰ্য আপোনমনে উপভোগ কৰি ক'লে , “ ভাল লাগিছে ................ চাহখিনি ! ” 

                  তাই চকুহাল মুদিলে মাথোঁ ।                             পূৰ্বানুমান মতেই ৰাতিলৈ বৰষুণ আহিল । সকলো শুই পৰিছে । উজাগৰে আছে মাথোঁ তাই । হঠাৎ কিবা এটা মনত পৰাৰ দৰে তাই ধমহ্কৈ উঠিল ; অকণো পলম নকৰাকৈ বাহিৰলৈ গৈ নীলা চোলাৰ গৰাকীৰ বুটজোতাযোৰ আনি ভিতৰত থ’লে , সামান্য তিতিছিল । তাৰ পিছত পাকঘৰলৈ গৈ চৰিয়াটো আনি

তাই খাটখনৰ এমূৰে থ’লে । নীলা চোলাৰ দেহটি খাটখনত নিঠৰ হৈ পৰি আছে । এন্ধাৰত মাথোঁ সুঠাম বুকুখনৰ অৱনমন - উৰ্দ্ধগমনখিনি তাই অনুভৱ কৰিব পাৰিলে । তৃপ্তিৰ হাঁহি এটা মাৰি তাই ককায়েকৰ লগত তলত শুই পৰিল । তাইৰ কাণৰ কাষত চৰিয়াত পৰা বৰষুণৰ টোপালৰ শব্দ - টুপ টুপ ....।

               একে উধাতু খাই ৰাইজ আহিছে । গোটেইবোৰে আহি পাহাৰৰ দাঁতিত হেতা ওপৰা লগাইছে । হয় হয় - গোটেই গাঁওখনে খবৰ পাইছে , সকলো আহিছে । নহা মানুহো আহিছে , ছমহীয়া কেঁচুৱা লৈ লৈ মাকবোৰো - মুঠতে সকলো । হুলস্থূল চাৰিওফালে , ইস্ আস্ , সকলো প্ৰশ্নমুখৰ । কাৰো মাত কোনেও শুনা নাই ।

                - “ দেখিছ’ মই সিদিনা কৈছিলোহে যে বোলো ইহঁত দুটা আচল ককায়েক ভনীয়েক নহয় । নে মুখৰে ক’ৰবাত মিল আছে , নে কথাৰে । এটা ক'লা , আনটো বগা - ইস্ । ৰাইজে আগতেই এইবোৰ ভালকৈ বাচ বিচাৰ কৰি ল'ব লাগে , ক’ৰ মানুহ , কি কথা , কি জাত , কি কুল । গাঁওখনৰ মান সন্মান শেষ কৰি পেলালে হতচিৰি যোৱা দুটাই ।”

                  - “ ঠিক কৈছে । নিলাজ দুটাই আজি অতবছৰে একেলগে থাকে , শুই -  ছিঃ ।”

                 - “ ই সেইটোতো বাদেই দিয়ক । এনে একেবাৰে মৰম - সৌ দুমাহ আগত ভনীয়েকৰ ধুৱনী হ'ল , সেই চাৰিদিনো দুয়োটা একেলগেই থাকিল । ঠাণ্ডা লাগে হেনো - মৰজাৰে ধৰে ।”

                - “ আমাক একো শিকাবলৈ নাই । এনে নিঃকুলীয়াৰ জাত ! এইবোৰ কথা শুনাও পাপ । ছিঃ ।”

               - “ আমাৰ ৰাইজৰো ভুল আছে । কাম কৰিব পাৰে দেখিয়েই সিহঁতক মূৰত তুলি ল'বলৈ কিহে পাইছিল ? এতিয়া দিলে নহয় খেল সমাজৰ সন্মান মাটিত মিহলাই ।”

              - “ ৰাইজ , ইহঁতক খেদি পঠিয়াব লাগে গাওঁৰ পৰা ; নহ'লে আমাৰ ল'ৰা ছোৱালীও নষ্ট হ'ব ।”

             - “ হয় হয় । ঠিক কৈছে ।”

             - “ কাইলৈ মেল বহুৱাওক।”

             - “ থিক । কাইলৈ পুৱাই নামঘৰত মেল বহুওৱা হ'ব ।”

             - “ভাল ভাল । ইহঁতৰ ভাল বিচাৰ হ'ব লাগে । ”

‌‌             - “ আজি এই ল'ৰা জনৰ বাবেহে আমি সঁচাটো জানিলো । তেওঁ মাটি কাটি থাকোতেই বাকচটো দেখি মোক মাত লগালে । ময়ো দেখিলোঁ বুলিহে । ” কোনোবাই গৰ্বৰে নীলা চোলাৰ গৰাকীলৈ আঙুলিয়াই ক'লে । নীলা চোলাৰ গৰাকীয়ে কথাৰ একো ভূ নাপাই মাথোঁ ভৰিৰ ৰঙা মাটিবোৰ ঘাঁহত মচিবলৈ ধৰিলে ।

             - “ ব’লক ব’লক যাওঁ । ক'ত সাৰিব সিহঁত ! ”

             ৰাইজ ভাগিল । নীলা চোলাৰ গৰাকীকো কোনোবাই ভাত খাবলৈ নিজৰ ঘৰলৈ লৈ গ'ল । পৰিস্থিতিৰ একো উম ঘাম নাপাই অতপৰে চেগুন কেইজোপাৰ আঁৰত ৰৈ সি কথাবোৰ শুনি আছিল । মানুহ ভঙা মাত্ৰকে সি সৰা চেগুনৰ পাত মৰমৰাই আহি বাকচটোৰ ওপৰত উবুৰি খাই পৰিল । ৰাতি বৰষুণত বহুত মাটি খহিছে , পিছল হৈছে ঠাইবোৰ । 

               পুৰণি বাকচ - আধাপোৰা । ভিতৰত থকা দুই এখন ফটাকানিও পুৰণি পোৰণি গোন্ধ এটাৰে সিঁচৰতি হৈ আছে ; আৰু সেই কাগজখন । কাপোৰৰ মাজত থকা বাবেই কিজানি আখৰবোৰ অলপ পঢ়িব পৰা হৈ আছে । কাগজখন মিলিয়ন হালধীয়া বৰণৰ - ঠিক ভনীয়েকৰ ফ্ৰিলচিঙা ফ্ৰকটোৰ দৰেই , তলৰডোখৰ নাই । কি লিখা আছিল সি ভালকৈ ধৰিব নোৱাৰিলে , কিন্তু এঠাইত সি স্পষ্টকৈ দেখিলে তাৰ ভনীয়েকৰ নামটো - পিতা গণেশ চন্দ্ৰ আৰু মাতৃ জেতুকী .... ।

                   আজি নৱমীৰ ৰাতি । কাইলৈ পুৱাই নামঘৰত দুয়োটাৰে বিচাৰ । তাৰ পিছত ....‌‌ নাজানোঁ । আজি জীৱনত প্ৰথমবাৰ সি আৰু তাই বেলেগকৈ শুইছে । তাই ভগা খাটত আৰু সি মাটিত । শোক , আত্মগ্লানি আৰু অনুশোচনাত দগ্ধ হৈ দুয়োটা নিশ্চুপ হৈ আছে । অলেখ চিন্তাই দুয়োটাৰে মন প্ৰাণ ঢাহি মুহি নিছে । সিহঁত ককায়েক ভনীয়েক নহয় ! সিহঁতৰ মাক এগৰাকী , কিন্তু তাৰ দেউতাক ভৱেশ আৰু তাইৰ দেউতাক গণেশ ! নিজৰ অচিনাকী জন্মদাতা জন্মদাত্ৰীৰ ওপৰত দুয়োটা ক্ষুণ্ণ হৈ পৰিল । তাই চৰম নিৰাপত্তাহীনতাত ভুগিব ধৰিলে । অতবছৰে যাক তাই নিজৰ বুলি জ্ঞান কৰি আহিছে সেয়া তাইৰ নিজৰ নহয় । ভয় , আশংকাই তাইক মোহাৰি পেলাবলৈ ধৰিছে । জীৱনত প্ৰথমবাৰ তাইৰ ভয় লাগিছে ! 

              সি যেন বুজি উঠিল কিয় মাক দেউতাকৰ সদায় ৰাতি ৰাতি কাজিয়া হৈছিল । নিজৰ ওপৰত সি আক্ৰোশী হৈ পৰিল । কিহে পাইছিল ভনীয়েক বুলি তাইক লেন চেলাবলৈ ! কিহে পাইছিল তাইৰ কাৰণে ইমানবোৰ কৰিবলৈ ! এজনী বেলেগৰ ছোৱালীৰ সৈতে সি আজি অতবছৰে থাকিল ! ছিঃ ! এতিয়া তাৰ নিজৰ বাবেও একো নহ'ল । কিবা ভোগ কৰিবলৈয়ে পালে নে কিবা সুখ !

                     সকলো নীৰৱতা ভাঙি নাকৰ পানী উজাই তাই তাক সুধিলে ,      “একো নাখাৱ ? ” 

                     বেপৰোৱাভাৱে সি উত্তৰ দিলে , “ মোৰ ভোক নাই ।” 

                      এৰা , কিমান ভোকত থাকিলে মানুহৰ ভোক নাইকিয়া হয় ! তাৰ প্ৰতি তাই শ্ৰদ্ধাত দোঁ খাই পৰিল । কেনেকৈ শুজিব তাই তাৰ অতবছৰৰ ধাৰ ! সিহঁতৰ চকুত এতিয়া দুধাৰি ঘৃণাৰ লোতক আৰু হৃদয়ত দুটা মলিন মন । নিশাৰ গভীৰতা বাঢ়ি আহিল । এটা সময়ত উড়লটোত গড় দি উঠাই থোৱা খাটখন কেৰমেৰাই উঠিল ।

                   { শ্ৰদ্ধেয় পাঠক , আৰু এটি দৃশ্যৰ পাছতে যৱনিকা পৰিব এই গল্পযাত্ৰাৰ । এইখিনিতে মোৰ পৰিচয়টো দি লৈছোঁ । নমস্কাৰ মই গণেশ চন্দ্ৰ নাথ । বৰ্তমান এই চহৰৰে বাসিন্দা । আগতে আমি গাঁৱত আছিলোঁ । ভিতৰুৱা গাঁও এখনৰ ‘হিল চাইড’ত । এবাৰ ঘৰটো বনজুয়ে ঢাকি পেলালে । মানুহকেইটাৰ বাহিৰে একো বচাব নোৱাৰিলোঁ । এওঁৰে ,মোৰে বহুখিনি ডকুমেন্টছ আনকি দুমাহমান আগত কৰাই অনা আমাৰ বেবীটোৰ বাৰ্থ চাৰ্টিফিকেটখনো । জুই নুমাইছিল , ঘৰটোও অলপ ভাল কৰিলে থাকিব পৰা গ'ল হয় , পিছে নাই , ইয়ালৈয়েই ‘শ্বিফ্ট’ কৰিলোঁ । এতিয়া ইয়াত মই আৰু ৱাইফ ডাঃ জুপিতৰা । ‘একচুৱেলি’ এওঁৰ ‘অৰিজিনেল নেম’টো আছিল জেতুকী । আমি গাঁৱত থাকোতে আমাৰ ‘নেইবাৰ’ এগৰাকীৰ নামো আছিল জেতুকী । আনকি সিহঁতৰ ছোৱালীৰ নামো আমাৰ বেবীৰ নামৰ সৈতে একে আছিল । কি জমনি ! এতিয়া আৰু ‘নেম’কেইটা ‘ অ’ড ’ হয় যে , ‘ চ’ ’ ‘চ্চেঞ্জ’ কৰিলোঁ । বাকী , ছোৱালী এতিয়া মুম্বাইত । ভাৱিছোঁ দুয়ো আকৌ গাঁৱলৈ যাম । ল'ৰা এজন পঠিয়াইছোঁ ঠাই চাবলৈ । এইখিনিয়েই আৰু , ধন্যবাদ}

          

                  “..... ৰ এখন অতি ভিতৰুৱা গাঁৱত পাহাৰৰ দাঁতিৰ এটি জৰাজীৰ্ণ ঘৰত কালি নিশা এগৰাকী কিশোৰীক কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰি পেলাই থৈ যোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । উল্লেখ্য যে ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰাই কিশোৰী গৰাকীৰ সৈতে বাস কৰা জ্যেষ্ঠ ভাতৃ নিৰুদ্দিষ্ট হৈ আছে বুলি স্থানীয় সংবাদদাতাই আমাক জানিবলৈ দিছে ।আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল ; নমস্কাৰ ।

          এতিয়া শুনক আজি পুৱা ......” খাটখনৰ তলত ৰেডিঅ'টো বাজি থাকিল ।


___  

   

By Arunav Hazarika



Recent Posts

See All
The Untold Story

By Adarsh Shetty In the vibrant heartbeat of God’s own country, a common man emerges. The story unfolds, unwrapping the layers of...

 
 
 
My Last Love💔

By Neha Sharma It all began with a simple connection on a matrimonial site — two strangers looking for companionship.  He reached out to...

 
 
 
The Last Bench

By Nuzat Morve SURVIVAL IS’NT ALWAYS A ROAR , SOMETIMES ITS THE QUITE STRENGTH TO KEEP GOING WHEN NO ONE’S WATCHING  ~QUIETLY SHE ROSE ...

 
 
 

Comments


Mast Culture Connect

Subscribe for Updates From Mast Culture

Thanks for submitting!

Terms & Conditions | Privacy Policy | Refund and Return Policy | Shipping and Delivery Policy

©2022-25 by Mast Culture                                                                                                                                                   A Boozing Brand Media Community 

bottom of page